নগাঁৱ কাণ্ড আৰু আমচাঙত খিলঞ্জীয়াক উচ্ছেদৰ প্ৰতিবাদত বিহালীত জাতীয় ছাত্ৰ সংগঠনৰ সন্মিলিত গন আন্দোলন

২৯ আগষ্ট ২০১৭ঃ-অসম আৰু অসমৰ খিলঞ্জীয়াৰ প্ৰভূত্ব তথা আত্মসন্মানক লাঘৱ হোৱাকৈ এচাম বহিৰাগতই কিছুদিনৰ পৰা যিদৰে কিছুমান অপ্ৰিতীকাৰক ঘটনা সংঘটিত কৰি অসমৰ খিলঞ্জীয়াৰ উদাৰতাক আঘাত হানিব খুজিছে সি মুঠেই সহজে মানি ল’ব পৰা বিষয় নহয় ।
আনহাতে অসমীয়া খিলঞ্জীয়াৰ জাতীয় সত্বাৰ আৱেগক সাৰোগত কৰি গাদী দখল কৰা সোনোৱাল চৰকাৰখনে জাতি¸মাটি¸ভেটিৰ কৰা পাহৰি কেৱল ভোট বেংক টনকিয়াল কৰি ৰখাৰ স্বাৰ্থত আওপকীয়াকৈ অসম¸ অসমীয়া তথা অসমৰ খিলঞ্জীয়াৰ বিৰোধী শক্তি সমূহক নানান অজুহাতেৰে ৰক্ষনা-বেক্ষন দিয়াতহে তৎপৰ হৈছে ।
ইতিমধ্যে ঘটি নগাঁৱৰ অসমীয়া যুৱকৰ ওপৰত কৰা শাৰিৰীক অপদস্তৰ ঘটনাৰ সময়তে আমচাঙত উচ্চেদৰ নামত খিলঞ্জীয়াৰ ওপৰত কৰা চৰকাৰী অত্যাচাৰে অসমৰ খিলঞ্জীয়া সৰ্বসাধাৰণ ৰাইজৰ লগতে অসমৰ বিভিন্ন জাতীয় সংগঠন সমূহকো ক্ষুন্ন কৰি তুলিছে ।
তদূপলক্ষে আজি বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা¸ অসম চাহ জনজাতি ছাত্ৰ সন্থা¸ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা¸ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা¸ কৃষক মুক্তি সংগ্ৰাম সমিতি¸ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিহালী আঞ্চলিক সমিতিৰ উদ্যোগত¸ প্ৰাক্তন অালফা ঐক্য মঞ্চ আৰু বিহালীবাসীৰ সহযোগত বিহালীৰ বৰগাঙত বিশাল প্ৰতিবাদী গনআন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *