পাভৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু অলকা গেছ এজেন্সিৰ উদ্যোগত গহপুৰ মহকুমা আছুৰ সহযোগত গহপুৰৰ বানবিধ্বস্ত কৃষলৈ ৩৪০ আসী কঠিয়াৰে সহায়ৰ হাত

২৭ আগষ্ট ২০১৭ঃ-আজি এক ব্যতিক্ৰমী কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহঃ সম্পাদক দুলদুল বৰকটকীৰ তত্বাৱধানত গহপুৰ মহকুমা আছুৰ সহযোগত পাভৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু অলকা গেছ এজেন্সিয়ে উদ্যোগ লৈ গহপুৰৰ বানাক্ৰান্ত কৃষকৰ বাবে আনিলে ৩৪০ আসী ধানৰ কঠিয়া । কঠিয়া খিনি আনি অতিৰিক্ত সহকাৰী আয়ুক্ত বিমান দাসৰ তত্বাৱধানত গহপুৰ মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ৰ চৌহদত জমা কৰি ৰখা হৈছে । অহা কাইলৈ গহপুৰ মহকুমা ছাত্ৰ সন্থাই গহপুৰ মহকুমা কৃষি বিভাগৰ সহযোগত গহপুৰীয়া বান বিধ্বস্ত কৃষক সকলৰ মাজত কঠিয়াখিনি বিতৰণৰ ব্যৱস্থা কৰিব বুলি গহপুৰ মহকুমা আছুৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই আমাক জানিবলৈ দিয়ে ।
যি সময়ত অসম চৰাকৰৰ কৃষি মন্ত্ৰালয়ে বানাক্ৰান্ত কৃষকৰ হিতাৰ্থে এইধৰনৰ পদক্ষেপ ল’ব লাগিছিল সেই সময়ত চৰকাৰৰ নিৰ্লপ্ত ভূমিকাত আচৰ্য্য প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সহঃ সম্পাদক দুলদুল বৰকটকীয়ে কয় যে চৰকাৰৰ সহাৰ্য্যলৈ বাট চাই নেথাকি সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ বাবে সদায় নিজৰ যথাসাধ্য কৰ্তব্যক পালন কৰি যাব । লগতে তেখেতে আজিৰ এই কাৰ্যসূচীত সহযোগ কৰা শোনিতপুৰ জিলা আছুৰ সহঃ সম্পাদক মঃ আজমত শ্বেখ, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হেমন্ত সোনা, সম্পাদক জিন্টু বৰা, অলকা গেছ এজেন্সিৰ স্বত্তাধিকাৰী যোগেন শৰ্মা, গহপুৰ মহকুমা আছুৰ উপদেষ্টা অৰুন মহন্ত, ভাৰপ্ৰাপ্ত সভাপতি ভূৱনেশ্বৰ তাঁতি, গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক দিগন্ত মুদৈ, বিত্ত সম্পাদক উৎপল বৰুৱা আৰু তথ্য সম্পাদক খগেন শইকীয়া লৈ কৃতজ্ঞতা জ্ঞাপন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *