গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪১জনীয়া ছাত্ৰ সদস্যৰে সদৌ অসম ছাত্ৰ সন্থাৰ গোট গঠন ।

৩১ আগষ্ট ২০১৭ঃ- আজি গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি ভূঞা আৰু সম্পাদক দিগন্ত মূদৈৰ তত্বাৱধানত গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪১জনীয়া ছাত্ৰ সদস্যৰে সদৌ অসম ছাত্ৰ সন্থাৰ এখনি শক্তশালী বিদ্যালয় ছাত্ৰগোট গঠন কৰা হয় । প্ৰস্তাৱ আৰু সমৰ্থণ মৰ্মে সভাত উপস্থিত ছাত্ৰ-ছাত্ৰীৰ সৰ্বসন্মতি ক্ৰমে প্ৰনৱজ্যোতি বৰাক ছাত্ৰগোটৰ সভাপতি আৰু কল্পজ্যোতি শইকীয়াক সম্পাদক হিচাপে দায়িত্ব অৰ্পন কৰা হয় ।
উক্ত সভাত অতিথী হিচাবে উপস্থিত থকা গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই নিজৰ চমুভাষনত নৱগঠিত গোটৰ সদস্য-সদস্যাসকলক সদৌ অসম ছাত্ৰ সন্থাৰ লক্ষ্য আৰু উদেশ্যক অৱগত কৰাৰ লগতে নৱগঠিত গোটটিলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *