ছয়দুৱাৰ মহাবিদ্যালয়ৰ বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আছু সমন্বিতে ১০ জাতীয় ছাত্ৰ সংগঠনৰ পথ অৱৰোধ

কালি সদৌ অসম ছাত্ৰ সন্থাৰ ছয়দুৱাৰ মহাবিদ্যালয় গোটৰ উদ্যোগত গহপুৰ মহকুমাৰ বিভিন্ন ছাত্ৰ সংগঠনে ছয়দুৱাৰ মহাবিদ্যালয়ৰ বান সমস্যাৰ স্থায়ী সমাধান, গহপুৰৰ মাজমজিয়াৰ ৰাষ্ট্ৰীয় ঘাই পথৰ মেৰামতি, মূলত চত্ৰং নদীৰ ভগ্ন মথাউৰিৰে সৃষ্টিহোৱা বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ।
মহাবিদ্যালয়ৰখনৰ ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ বাটচ’ৰাৰ পৰা ধৰি চৌহদৰ অধিকাংশ ঠাইত এজাক বৰষুণতেই অহৰহ বান সদৃশ পৰিবেশৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে । যাৰ ফলশ্ৰুতিত মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ যথেষ্ট বাধিত হৈছে । আনহাতে, প্ৰশাসনতন্ত, জনপ্ৰতিনিধীকে ধৰি ৰজা-মন্ত্ৰীৰ নিৰ্লপ্ত ভূমিকাই দিনক দিনে ক্ষুন্ন কৰি তুলিছে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সচেতন মহলক । অৱশেষত সদৌ অসম ছাত্ৰ সন্থাৰ ছয়দুৱাৰ মহাবিদ্যালয় গোটটোৱে AJYCP, TMPK, MMK, ABSU, TAYPA, ATSA, AAKSU, AAGSU, AASCSUকে ধৰি ১০ জাতীয় ছাত্ৰ সংগঠনৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হয় । সদৌ অসম ছাত্ৰ সন্থাৰ গহপুৰ মহকুমা সমিতিৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই সমবেত ছাত্ৰ আন্দোলন কাৰি সকলক প্ৰতিনিধিত্ব কৰি দেশৰ শাসক পক্ষক সকিয়াই দি কয় যে আজিৰ এই পথ অৱৰোধ কাৰ্যসূচী এক নমুনাহে । ইয়াৰ পিছতো যদি এই সমস্যাৰ সমাধান কৰাত শাসক পক্ষই অৱহেলা কৰে তেনেহ’লে সমূহ জাতীয় সংগঠন একত্ৰিত হৈ সন্মিলিতভাবে পুনৰ এই আন্দোলন ইয়াতকৈ তীব্ৰতৰ কৰি গঢ়ি তুলিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *