এক আমোদজনক ঘটনা আৰু থেল্‌ছৰ পৰীক্ষা

থেল্‌ছ এগৰাকী বিখ্যাত গণিতজ্ঞ। তেওঁ গ্ৰীচ দেশৰ লোক। তেওঁ আদিম কালৰ মানুহ। খ্ৰীষ্ট জন্মৰ ছশ বছৰৰ। পৰীক্ষা কৰাটো তেওঁৰ নিচা। বিজ্ঞানৰ পৰীক্ষা কৰে। মনত কৌতুহল জাগে। সেইবাবে পৰীক্ষাৰ সহায় লয়। তেওঁৰ মেজত এটুকুৰা জাংফাই। ধুলিয়ে লেতেৰা কৰিছে। তেওঁ টুকুৰাটো তুলি লয়। কোট চোলাত মোহাৰে। পুনৰ মেজত থয়। আচৰিত ঘটনা ঘটিল। নিজ চকুকে বিস্বাস নহ’ল। কাঠৰ টুকুৰা কেতবোৰ। নিচেই সৰু। মেজতে আছিল। এইবোৰ থিৰেৰে নাথাকিল। জাংফাইৰ ফালে লৰ দিলে। ইয়াত লাগি ধৰিল। চুম্বকে লোক টানে। একে ঘটনা ঘটিল। জাংফায়ে কাঠৰ টুকুৰা টানিলে। থেল্‌চে চমক খালে। মনৰ ভ্ৰান্তি বুলি ভাবিলে। পুনৰ জাংফাই টুকুৰা ল’লে। কোট চোলাত মোহাৰিলে। পুনৰ মেজত থ’লে। এইবাৰো একে ঘটনা ঘটিল। কাঠৰ টুকুৰাবোৰ দৌৰি আহিল। জাংফাই ডোখৰ চুম্বকৰ দৰে। ই কাগজৰ টুকুৰাকো টানে। জাংফাই ঘঁহিলে এনে হয়। ই স্থিৰ বিদ্যুত। পিছত সকলো পৰিস্কাৰ হ’ল। ঘঁহিলে কেতবোৰ পদাৰ্থ সুকীয়া হয়। চুম্বকৰ দৰে আচৰণ কৰে। ৰজন, কাচ আদিও একে ধৰণৰ। গন্ধক,মম আদিও একে।

চাৰ্লছ ডুফে আন এগৰাকী বিজ্ঞানী। তেওঁ ফৰাচী লোক। তেওঁৰ মতে বিদ্যুত দুই ধৰণৰ। তেওঁ কাচৰৰ্মাৰি পাট কাপোৰেৰে ঘঁহে। ইয়াত বিদ্যুত ওলায়। ই সৰু টুকুৰা টানে। আনহাতে,ৰজনৰ মাৰি লয়। ইয়াক ছাগলীৰ নোমেৰে ঘঁহে।ইয়াতো বিদ্যুত উৎপাদন হয়। ইও সৰু টুকুৰা কাষলৈ টানে। ই বিদ্যুতৰ ধৰ্ম পাইছে। অথচ দুয়োবিধৰে আচৰণ একে নহয়। ডুফেই এই বিষয়ে পৰীক্ষা কৰে। কাচৰ মাৰি এডাল লয়। সূতাৰে মাজত বান্ধে। ওলোমাই থয়। ইয়াক পাটৰ কাপোৰেৰে ঘঁহে। ই কাগজৰ সৰু টুকুৰা টানে। ই বিদ্যুতৰ ধৰ্ম পায়। তেওঁ আন এডাল মাৰি লয়। এইডালো কাচৰ। এইডালো ওলোমাই থয়। আনডালৰ নিচেই ওচৰতে। এইডালো পাটৰ কাপোৰেৰে ঘঁহে। ই বিদ্যুত্যৰ ধৰ্ম লাভ কৰে। ই কাঠৰ সৰু টুকুৰা টানে। ডুফে আচৰিত। কাচৰ মাৰি দুডাল আঁতৰি পৰে। তেওঁ ইয়াৰ কাৰণ জানে। দুয়ো ডাল মাৰি কাচৰ। দুয়ো ডাল পাটৰ কাপোৰেৰে ঘঁহিছে। একে ধৰণৰ বিদ্যুত উৎপাদন হৈছে। সেই বাবে বিকৰ্ষণ ঘটিছে। ইডালে সিডালক ঠেলিছে। চুম্বকৰ দুই মেৰু। উত্তৰ আৰু দক্ষিণ মেৰু। দুডাল চুম্বকেৰে পৰীক্ষা কৰিব পাৰি। উত্তৰ মেৰু আনডালৰ উত্তৰ মেৰুৰ লগ লগাব পাৰি। অথচ বিকৰ্ষণ ঘটে। চুম্বক দুডাল আঁতৰি পৰে। বিদ্যুতৰো একে ধৰ্ম। একে ধৰণৰ বিদ্যুতৰ বিকৰ্ষণ ঘটে। চুম্বকৰ উত্তৰ মেৰু দক্ষিণ মেৰুৰ ওচৰ চপাব পাৰি। ইহঁতে আকৰ্ষণ কৰে। ওচৰলৈ টানি নিয়ে। একেবাৰে লাগি ধৰে। বিদ্যুতেও একে আচৰণ কৰে। ডুফেই পৰীক্ষা কৰে। প্ৰমাণ পায়। তেওঁ কাচৰ মাৰি এডাল আঁতৰায়। সূতাডালত ৰজনৰ মাৰি ওলোমায়। ইয়াক ছাগলীৰ মাৰিৰে ঘঁহে। ই বিদ্যুতৰ গুন পায়। কাগজৰ সৰু টুকুৰাক টানে। এইবাৰ ঘটনা সুকীয়া। কাচৰ মাৰিয়ে ৰজনক টানে। একেবাৰে ওচৰ চপাই নিয়ে। দুয়োডাল মাৰিতে বিদ্যুৎ। অথচ একে ধৰণৰ নহয়। ইহঁতৰ ধৰ্ম সুকীয়া সুকীয়া। এডাল চুম্বকৰ উত্তৰ মেৰু। আনডাল দক্ষিণ মেৰুৰ দৰে। সেইবাবে এডালে সিডালক টানে। ডুফেই প্ৰমাণ পালে। কাচৰ মাৰি তথা ৰজনৰ বিদ্যুত একে নহয়। তেওঁ কেইবাবাৰো পৰীক্ষা কৰে। আন পদাৰ্থও ব্যৱহাৰ কৰে। কেতবোৰ কাচৰ মাৰিৰ দৰে। আনবোৰ ৰজনৰ মাৰিৰ দৰে। গতিকে বিদ্যুৎ দুই ধৰণৰ। ডুফে নিশ্চিত হয়। তেওঁ বিদ্যুতৰ নামো দিয়ে। এবিধ কাচ বিদ্যুৎ। আনবিধ ৰজন বিদ্যুত্ত্‌। পিছত নাম সলনি হ’ল। ডুফেৰ নামাকৰণ নৰজিল।

চুম্বকৰ দুই মেৰু। ইয়াক আঁৰি থ’লে একে দিশত থাকে। লৰাই দিলেও নহয়। পুনৰ আগৰ ঠাই পায়। এটা মুৰ সদায় উত্তৰমুৱা। ইয়েই উত্তৰ মেৰু। আনটো মুৰ দক্ষিণমুৱা। ই দক্ষিণ মেৰু। দুয়ো মূৰৰ ধৰ্ম সুকীয়া সুকীয়া। তেনেদৰে বিদ্যুতো দুই প্ৰকাৰৰ। আজিকালি ইয়াৰ নাম আধান। ফ্ৰেংকলিনে এই নাম দিয়ে। আধান দুই ধৰণৰ। এটা ধনাত্মক আধান, আনাটো ঋণাত্মক। ফ্ৰেংকলিনৰ প্ৰতিভা বহুমুখী। তেওঁ সাহিত্যিক, কলাকাৰ, ৰাজনীতিবিদ। সামাজিক কামটো পটু। তেওঁ বিজ্ঞানৰ পৰীক্ষা কৰে। পূৰা নাম বেঞ্জামিন ফ্ৰেংকলিন। বিদ্যুত বিজ্ঞানত তেওঁৰ অৰিহনা অনেক।

আনন্দ দেৱ গোস্বামী, অসমীয়া প্ৰতিদিন।

(হেল্ল’ গহপুৰৰ দ্বাৰা সংগ্ৰহিত তথ্য)

Leave a Reply

Your email address will not be published. Required fields are marked *