বেজবৰুৱাৰ শিশু সাহিত্যত নীতিশিক্ষা

আধুনিক অসমীয়া সাহিত্যৰ পিতৃস্বৰুপ, সৰ্বকালৰ এজন শ্ৰেষ্ঠ অসমীয়া সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাসমূহৰ মাজৰ অন্যতম উপাদান তেওঁৰ শিশু সাহিত্যসমূহ। অসমীয়া শিশু-ডেকা-বুঢ়া সকলোৰে বাবে সুখপাঠ্য আৰু অতিশয় আকৰ্ষণীয়, সৰল কথনশৈলী, লোকবিশ্বাস, জনজীৱনৰ হাৱ-ভাৱ, ৰসিকতা আদি উপাদানেৰে শিশু সাহিত্য সমৃদ্ধ। সেয়ে পঢ়ুৱৈৰ বাবে অতিশয় মনোগ্ৰাহী আৰু জনপ্ৰিয়। এই সকলো উপাদানৰ উপৰি বেজবৰুৱাৰ শিশু সাহিত্যসমূহত থকা নীতিশিক্ষা বিশেষভাৱে প্ৰণিধানযোগ্য। তেওঁৰ সাধুকথাৰ পুথি ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘জুনুকা’, তত্ত্বমূলক প্ৰবন্ধৰ কিতাপ ‘বাখৰ’, শ্ৰী ভগবৎ কথা’ আৰু কামত কৃতিত্ব লভিবৰ সংকেত মূলতঃ শিশুসকলৰ উদ্দেশ্যি ৰচনা কৰা হৈছে। এই ৰচনাসমূহ ৰসাল, খুহুতীয়াভাৱে শিশুৰ মনোৰঞ্জনৰ প্ৰতি লক্ষ্য ৰাখি ৰচনা কৰা হৈছে যদিও আনফালে শিশু চৰিত্ৰ গঠনৰ প্ৰতি থকা দায়বদ্ধতাকো প্ৰতিফলিত কৰিছে।

লক্ষ্মীনাথ বেজবৰুৱা অমৰ কীৰ্তি ‘বুঢ়ী আইৰ সাধু’ৰ প্ৰতিটো সাধুৱেই বহন কৰিছে এক বিশেষ তাৎপৰ্য। আমাৰ পুৰণি সমাজত প্ৰচলিত অনেক কাল্পনিক, মৌলিক কাহিনীক সু-সংবদ্ধ, উদ্দেশ্যধৰ্মী, আধুনিক প্ৰকাশভংগীৰে উপস্থাপন কৰি সাধুৰুপ দিওঁতে চৰিত্ৰ হিচাপে বেজবৰুৱাই পশু-পক্ষী, গছ-লতা, ৰাক্ষস-ৰাক্ষসিনী আদিক নিৰ্বাচন কৰি এই কাহিনীৰ দ্বাৰা মানৱ জীৱনত বহু প্ৰয়োজনীয় আদৰ্শ, জ্ঞান শিশুক দিব বিচাৰিছিল। বেজবৰুৱাই এঠাইত লিখিছে-“……..এইবিধ মনোজ্ঞ মৌখিক উপকথাৰে পুৰণি কালত অসমত বৃদ্ধসকলে ল’ৰা-ছোৱালীক সজুপদেশ আৰু নীতিশিক্ষা দিছিল”-বুঢ়ী আইৰ সাধুত আমি দেখা পাওঁ সততা, নিষ্ঠা, পবিত্ৰতা আদি গুণৰ জয় আৰু অন্যায়, অত্যাচাৰ, হিংসা, বিদ্বেষ আদি ভাবৰ পৰাজয়। এইফালৰ পৰা বুঢ়ী আইৰ সাধু নিঃসন্দেহে শিশুৰ সুস্থ মানসিকতা গঠনৰ বাবে সৰ্বাংগসুন্দৰ, আদৰ্শনীয় পুথি। বেজবৰুৱাৰ ‘ককাদেউতা আৰু নাতি ল’ৰা’ ককাক আৰু নাতিৰ এক সুমধুৰ সম্পৰ্কৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়। পুথিখনত ককাকে নাতি ল’ৰাক দিয়া নীতিশিক্ষাৰ ছলেৰে সমাজখনৰ সকলোলৈ এক আদৰ্শৰ বাৰ্তা প্ৰেৰণ কৰিছে। সাধুবোৰত আমোদ-প্ৰমোদৰ মাজতে যাতে শিশুহঁতে নিজৰ চাৰিত্ৰিক গঠনৰ বাবে এক সমল বিচাৰি পায়, তাৰ বাবে সততে লক্ষ্য ৰাখিছে। ‘জুনুকা’ সাধুকথাৰ পুথিখনত আকৌ প্ৰতিটো সাধুৰ শেষত এখাকি নীতিশিক্ষামূলক পদ্যৰ সংযোগ কৰিছে। উদাহৰণস্বৰুপে ‘বৰাগী মেকুৰী’ সাধুটোৰ শেষত আছে- ‘শঠ দুৰ্জনত জানা পতিয়ন নাই’/পতিয়ালে বিপদত পদে পদে পায়’। আকৌ, ‘হাতী আৰু সাপ’ সাধুটোত আছে-

‘ডাঙৰেই হোৱা, সৰুৱেই হোৱা, গৰ্ব নকৰিবা।/ গৰ্ব কৰিলে খৰ্ব হৈ বিপাঙে মৰিবা’।

এনেদৰে প্ৰতিটো সাধুৰ আলমতেই শিশুৰ লগতে ডাঙৰকো সৎ নীতি, সৎ নীতি, সৎ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত কৰিছে। সাধুকথাৰ বাদেও তেওঁৰ অন্যান্য শিশু ৰচনা, যেনে-‘কামত কৃতিত্ব লভিবৰ সংকেত’, ‘বাখৰ’ আৰু ‘শ্ৰীভগৱৎ কথা’ শিশুহঁতৰ কোমল মনক পোনাবৰ বাবে এক আদৰ্শনীয় আহিলাস্বৰুপ। কামত কৃতিত্ব লভিবৰ সংকেত পুথিখনৰ পাতনিত বেজবৰুৱাই নিজেই লিখিছে- ‘চমু বাটেদি বাট বুলি এই সংসাৰত কেনেকৈ মনুষ্য জীৱন সফল কৰিব পাৰি, তাৰ উপায় উজুকৈ এই পুথিত লিখিবৰ চেষ্টা কৰিছো’। সদায় সঁচা কথা ক’বা, বিশ্বাসৰ পাত্ৰ হ’বলৈ সদায় লক্ষ্য ৰাখিবা, কথা জুখি ঠিককৈ ক’বা আদি আঢ়ৈ কুৰি সংকেত বা শিকনি লিপিবদ্ধ কৰি তেওঁ আশা কৰিছিল যে এই পুথি শিশু, ডেকা-বুঢ়া সকলোৰে বাবে পথ-প্ৰদৰ্শস্বৰুপ হ’ব।

‘শ্ৰীভগৱৎ কথা’ বেজবৰুৱা ৰচিত ঈশ্বৰ সম্বন্ধীয় গ্ৰ্ন্থ, ঘাইকৈ শিশুসকলক উদ্দেশ্যি ৰচিত। অতি প্ৰাঞ্জল, মৰ্মস্পৰ্শী, আন্তৰিকতাপূৰ্ণ ভাষাত ঈশ্বৰ সম্বন্ধে ব্যাখ্যা কৰি তেওঁ উঠি অহা ল’ৰা-ছোৱালীহঁতক আধ্যাত্মিক আৰু মানসিক উৎকৰ্ষৰ পথ দেখুৱাইছে। সেইদৰে শিশুৰ চৰিত্ৰ গঠনৰ বাবে বেজবৰুৱা ৰচিত ‘বাখৰ’ এক উপযুক্ত, মূল্যৱান পুথি। চৰিত্ৰ গঠনৰ কেইটামান উপাদান-প্ৰতিৰোধ শক্তি, পৰিমিত ব্যয়, পৰ্যবেক্ষণ, আনন্দপূৰ্ণ মন, ওখ আদৰ্শ আদিৰ বিষয়ে পুথিখন সৰল ব্যাখ্যা আগবঢ়োৱা হৈছে। বেজবৰুৱাৰ শিশু সাহিত্য আমি প্ৰত্যেকে পঢ়া উচিত। শিশুৰ শাৰীৰিক, মানসিক উৎকৰ্ষৰ বাবে এই ৰচনাসমূহ নিৰ্ভৰযোগ্য সমল।

লিখকঃ দীপাঞ্জলি গোস্বামী, অসমীয়া প্ৰতিদিনত প্ৰকাশিত

(আমাৰ দ্বাৰা সংগ্ৰহিত তথ্য)

Leave a Reply

Your email address will not be published. Required fields are marked *