চমুকৈ গহপুৰ

গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ বিশ্বনাথ জিলাৰ এটা স্বনামধন্য মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ । এই অঞ্চলৰ এটা সু-উজ্বল ইতিহাস আছে । গহপুৰ গহপুৰ বিধান সভা আৰু তেজপুৰ লোকসভা সমষ্টিৰ অংশ । গহপুৰ বিধান সভা নিৰ্বাচনে উত্তৰ অসমৰ এটা বৃহৎ অঞ্চল হাৱাজানৰ পৰা বুৰৈলৈকে সামৰি লৈছে । প্ৰতিজন গহপুৰীয়াই নিজকে গহপুৰীয়া বুলি গৌৰৱ কৰিব পৰাকৈ গহপুৰ বিভিন্ন জাতি-জনগোষ্ঠি, ভাষা-ভাষি, বহুৰঙী কৃষ্টি-সংস্কৃতিৰে লোকে-লোকাৰণ্য এক ৰম্য ভূমি ।

গহপুৰ মঙ্গোলীয় বলয়ৰ অন্তৰ্গত এখন ঘন হাবিৰে ভৰা ভূমিখণ্ড আছিল । কিন্তু, আহোম ৰাজত্বৰ শেষৰ ফালে আৰিমত্ত ৰজাই লুহিতমুখেদি সুমাই আহি গহপুৰ দখল কৰে । মহামন্ত্ৰী অটন বঢ়গোঁহাইদেৱৰ পৰামৰ্শ অনুসৰি দক্ষিনপৰীয়া কিছু প্ৰজাক আনি দফলা সকলৰ আগ্ৰাসন ৰোধ কৰিবৰ নিমিত্তে এই থাইত সংস্থাপিত কৰিছিল । ঘন বা গহীন হাবিৰে পৰিপূৰ্ণ এই অঞ্চলক গহনবন বুলিছিল আৰু সেইবাবেই এই হাবি-জংঘল কাটি এই অঞ্চলক গহনপুৰ নামেৰে নামাকৰণ কৰিছিল, কালক্ৰমত ইয়েই গৈ গহপুৰ হৈছিল বুলি জনা যায় । আন এক জনশ্ৰুতি মতে ভূঞাসকলৰ শাসন কালত ভূঞাসকলে গৰু-ম’হ ৰাখিবলৈ এই বিস্তীৰ্ণ অঞ্চল ব্যৱহাৰ কৰিছিল বাবেই ইয়াক গো-পুৰ বোলা হৈছিল আৰু ইয়েই সময়ৰ সোঁতত গহপুৰ হৈছিল ।
গহপুৰ কিয় হ’ল যিহেতুকে বুৰঞ্জীত ইয়াৰ কোনো লিখিত তথ্য নাই গতিকে আমি আমাৰ অগ্ৰজ আৰু বিজ্ঞ সকলৰ পৰা জনিব পোৱা উপৰোক্ত দুই জনবাদকৈই মানি লঁও ।